About Course
উছুই পৰম্পৰাগত ৰেইকিৰ প্ৰথম স্তৰ (Usui Traditional Reiki – Level 1) হৈছে ৰেইকি জ্যোতি ৱেবছাইটৰ আটাইতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম, যিয়ে আপোনাক সম্পূৰ্ণ অসমীয়া ভাষাৰ মাধ্যমেৰে এক শৃংখলাবদ্ধ পাঠ্যক্ৰমৰ শিক্ষাৰ জৰিয়তে ৰেইকিৰ জগতখনৰ লগত পৰিচয় কৰাই দিয়ে। এই পাঠ্যক্ৰম মহাগুৰু মিকাও উছুইৰ মূল পৰম্পৰাৰ ওপৰত ভিত্তি কৰি, আধুনিক শিক্ষণ পদ্ধতিৰ সৈতে সামঞ্জস্য ৰাখি অনলাইন শিক্ষা ব্যৱস্থাৰ বাবে প্ৰস্তুত কৰা হৈছে।
এই পাঠ্যক্ৰম সম্পূৰ্ণ স্ব-শিক্ষণ (Self-Learning) পদ্ধতিৰ। ইয়াত কোনো নিৰ্ধাৰিত সময়ত উপস্থিত হবলগীয়া অনলাইন ক্লাচ, নিৰ্দিষ্ট সময়সূচীৰ বান্ধোন নাই। শিক্ষাৰ্থীয়ে নিজৰ সময়, সুবিধা মিলাই নিজৰ গতিতে সমগ্ৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে। কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত পাঠ্যক্ৰম পঢ়ি শেষ কৰা আৰু এটিউনমেণ্ট লোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময় বান্ধি দিয়া নাই। এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ পিছত শিক্ষাৰ্থীয়ে সকলো অধ্যায়ৰ (Section) সকলো পাঠ (Unit) পঢ়ি শেষ কৰিব লাগিব।
এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ ৰেইকিৰ অনুশীলন কৰাৰ আগতে এটিউনমেণ্ট (Attunement) গ্ৰহণ কৰাটো বাধ্যতামূলক। শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমৰ সকলো পাঠ (Unit) ১০০% সম্পূৰ্ণ কৰাৰ পিছতহে এটিউনমেণ্টৰ বাবে আবেদন কৰাৰ যোগ্য হয়। এই ব্যৱস্থাই নিশ্চিত কৰে যে প্ৰতিজন এটিউনমেণ্ট প্ৰাপ্ত শিক্ষাৰ্থীয়ে ৰেইকিৰ প্ৰাথমিক সম্পূৰ্ণ জ্ঞান আৰু প্ৰস্তুতিৰে সাজু হৈয়েই এই পৱিত্ৰ দীক্ষা লাভ কৰে।
এই পাঠ্যক্ৰমত আপুনি ৰেইকিৰ অৰ্থ আৰু দৰ্শনৰ পৰা আৰম্ভ কৰি, ইতিহাস, পাঁচটা মূল নীতি, মানৱ শক্তি প্ৰণালী, সাতোটা চক্ৰ, আভা, মেৰিডিয়ান আদিৰ তাত্ত্বিক জ্ঞান ক্ৰমান্বয়ে অধ্যয়ন কৰিব। পাঠ্যক্ৰমখনৰ প্ৰতিটো অধ্যায় এনেদৰে সজোৱা হৈছে যাতে এটা গোটৰ জ্ঞানে পৰৱৰ্তী গোটৰ ভেটি সাজে আৰু কোনো ঠাইতে খণ্ডিত বা অসম্পূৰ্ণ অনুভৱ নহয়। ইয়াৰ লগতে ধ্যান, কৃতজ্ঞতা, ইতিবাচক জীৱনশৈলী আৰু পেছাদাৰী নৈতিকতাৰ শিক্ষাও পাঠ্যক্ৰমখনত অন্তৰ্ভুক্ত, যাতে আপুনি কেৱল জ্ঞানেৰেই নহয়, চৰিত্ৰ আৰু দায়িত্ববোধৰেও এজন সম্পূৰ্ণ ৰেইকি অনুশীলনকাৰী হৈ উঠিব পাৰে।
এই পাঠ্যক্ৰমত ২৪ টা অধ্যায় (Section) আৰু ১৬২ টা পাঠ (Unit) অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো পাঠেই প্ৰত্যেক শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ। এটিউনমেণ্টৰ আগতেই ৰেইকিৰ প্ৰাথমিক বিষয়সমূহ সুস্পষ্টভাৱে আয়ত্ত কৰিলে অনুশীলন কৰিবলৈ খুব সহজ হয় আৰু প্ৰত্যেক শিক্ষাৰ্থীয়ে ফলপ্ৰসূভাৱে অনুশীলন আৰম্ভ কৰিবলৈ অধিক আত্মবিশ্বাস লাভ কৰে।
শিক্ষাৰ্থীয়ে সম্পূৰ্ণ পাঠ্যক্ৰম পঢ়ি, নিজকে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত অনুভৱ কৰাৰ পিছত, নিজৰ সুবিধাজনক সময়ত এটিউনমেণ্ট গ্ৰহণৰ বাবে আবেদন কৰিব পাৰে।
মনত ৰাখিব, ৰেইকি কোনো ধৰ্ম নহয়, আৰু ইয়াক অনুশীলন কৰিবলৈ কোনো বিশেষ ধৰ্মীয় বিশ্বাস বা পটভূমিৰ প্ৰয়োজন নাই। যিকোনো ধৰ্মৰ ব্যক্তিয়ে এই পথত আগবাঢ়িব পাৰে। এই পাঠ্যক্ৰমখন কেৱল ১৮ বছৰ বা তাতোধিক বয়সৰ ব্যক্তিৰ বাবে উপলব্ধ। ৰেইকি জ্যোতিৰ সৈতে আৰম্ভ কৰক আপোনাৰ আত্ম-উন্নয়ন আৰু আধ্যাত্মিক বিকাশৰ এক অৰ্থপূৰ্ণ যাত্ৰা।
Course Content
Section 1 : পাঠ্যক্ৰমৰ পৰিচয় (Introduction to the Course)
-
Unit 1 : এই পাঠ্যক্ৰমত আপুনি কি শিকিব (What You Will Learn in This Course)
-
Unit 2 : এই ৱেবছাইটত পাঠ্যক্ৰম অধ্যয়নৰ পদ্ধতি (How to Study the Course on This Website)
-
Unit 3 : পাঠ্যক্ৰম অধ্যয়নৰ বাবে আহিলা (Tools Needed for the Course)
-
Unit 4 : পাঠ্যক্ৰম প্ৰস্তুতৰ ভেটি (The Foundation of Course Preparation)
-
Unit 5 : পাঠ্যক্ৰমৰ দৃষ্টিভংগী (The Vision of the Course)
-
Unit 6 : পাঠ্যক্ৰমৰ লিনিয়েজ (The Lineage of the Course)
-
Unit 7 : পাঠ্যক্ৰমৰ কপিৰাইট (Copyright of the Course)
-
Unit 8 : পাঠ্যক্ৰমৰ নিৰ্দেশকৰ পৰিচয় (Introduction to the Instructor)
-
Unit 9 : গোপনীয়তা আৰু নৈতিকতা (Privacy and Ethics)
-
Unit 10 : পাঠ্যক্ৰমৰ দায়স্বীকাৰ (Course Disclaimer)
-
Unit 11 : পাঠ্যক্ৰম সম্পৰ্কীয় সহায় (Course-Related Support)
-
Unit 12 : ৱেবছাইট ব্যৱহাৰৰ কাৰিকৰী সহায় (Technical Support)
-
Unit 13 : সাধাৰণ ভুলসমূহ আৰু পৰিহাৰ (Common Mistakes and How to Avoid Them)
