About Course
বিৱৰণ
উছুই পৰম্পৰাগত ৰেইকিৰ দ্বিতীয় স্তৰ (Usui Traditional Reiki – Okuden) হৈছে ৰেইকি জ্যোতিৰ (Reiki Jyoti) অধিক গভীৰ পাঠ্যক্ৰম, যিয়ে ৰেইকি প্ৰথম স্তৰ (Shoden) সম্পূৰ্ণ কৰা শিক্ষাৰ্থীক ৰেইকিৰ তিনিটা পৱিত্ৰ চিহ্ন (Reiki Symbols), দূৰৱৰ্তী ৰেইকি (Distance Reiki)-ৰ সম্পূৰ্ণ পদ্ধতি, আৰু ব্যক্তিগত আধ্যাত্মিক বিকাশৰ গভীৰতম দিশলৈ লৈ যায়।
পাঠ্যক্ৰমখন সম্পূৰ্ণ স্ব-শিক্ষণ (Self-Learning) পদ্ধতিৰ। ইয়াত অন্তৰ্ভুক্ত হ’বলৈ ৰেইকি প্ৰথম স্তৰৰ এটিউনমেণ্ট (Attunement) আৰু প্ৰমাণপত্ৰ (Certificate) লাভ কৰি থকাটো অপৰিহাৰ্য। সকলো অধ্যায়ৰ (Section) সকলো গোট (Unit) ১০০% সম্পূৰ্ণ কৰাৰ পিছতহে শিক্ষাৰ্থীয়ে দ্বিতীয় স্তৰৰ এটিউনমেণ্টৰ বাবে আবেদন কৰাৰ যোগ্য হয়।
এই পাঠ্যক্ৰমত আপুনি প্ৰথমে ৰেইকিৰ তিনিটা পৱিত্ৰ চিহ্ন — চো কু ৰেই (Cho Ku Rei), ছেই হে কি (Sei He Ki) আৰু হন ছা জে ছো নেন (Hon Sha Ze Sho Nen) — ইয়াৰ অৰ্থ, অঁকাৰ নিয়ম আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ ক্ৰমান্বয়ে শিকিব। তাৰ পিছত ৰেইকিৰ তিনিটা স্তম্ভ (গাশ্বো, ৰেইজি হো, চিৰ্যো) আৰু দূৰৱৰ্তী ৰেইকিৰ ছয়বিধ পদ্ধতি বিতংভাৱে অধ্যয়ন কৰিব। ইয়াৰ উপৰিও মানসিক-আৱেগিক নিৰাময়ৰ কৌশল, আধুনিক চিকিৎসা-যোগ-ধ্যানৰ সৈতে ৰেইকিৰ সংযোগ, আৰু আধ্যাত্মিকতা, আত্মসচেতনতা, অন্তৰ্দৃষ্টি আৰু ব্যক্তিগত ৰূপান্তৰৰ দৰে গভীৰ বিষয়সমূহ শিকিব।
মনত ৰাখিব, এই পাঠ্যক্ৰমখনো কেৱল ১৮ বছৰ বা তাতোধিক বয়সৰ, আৰু ৰেইকি প্ৰথম স্তৰৰ প্ৰমাণপত্ৰ থকা ব্যক্তিৰ বাবেহে উপলব্ধ।
Course Content
Section 1 : পাঠ্যক্ৰমৰ পৰিচয় (Introduction to the Course)
-
Unit 1 : এই পাঠ্যক্ৰমত আপুনি কি শিকিব (What You Will Learn in This Course)
-
Unit 2 : এই ৱেবছাইটত পাঠ্যক্ৰম অধ্যয়নৰ পদ্ধতি (How to Study the Course on This Website)
-
Unit 3 : পাঠ্যক্ৰম অধ্যয়নৰ বাবে আহিলা (Tools Needed for the Course)
-
Unit 4 : পাঠ্যক্ৰম প্ৰস্তুতৰ ভেটি (The Foundation of Course Preparation)
-
Unit 5 : পাঠ্যক্ৰমৰ দৃষ্টিভংগী (The Vision of the Course)
-
Unit 6 : পাঠ্যক্ৰমৰ লিনিয়েজ (The Lineage of the Course)
-
Unit 7 : পাঠ্যক্ৰমৰ কপিৰাইট (Copyright of the Course)
-
Unit 8 : পাঠ্যক্ৰমৰ নিৰ্দেশকৰ পৰিচয় (Introduction to the Instructor)
-
Unit 9 : গোপনীয়তা আৰু নৈতিকতা (Privacy and Ethics)
-
Unit 10 : পাঠ্যক্ৰমৰ দায়স্বীকাৰ (Course Disclaimer)
-
Unit 11 : পাঠ্যক্ৰম সম্পৰ্কীয় সহায় (Course-Related Support)
-
Unit 12 : ৱেবছাইট ব্যৱহাৰৰ কাৰিকৰী সহায় (Technical Support)
-
Unit 13 : সাধাৰণ ভুলসমূহ আৰু পৰিহাৰ (Common Mistakes and How to Avoid Them)
